Psalms 64

প্ৰধান বাদ্যকৰৰ প্রতি: দায়ূদৰ ৰচিত গীত।

1হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা;
শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
2দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা;
দুৰাচাৰীসকলৰ মানসিক উত্তেজনাৰ অপৰাধ বোৰৰপৰা মোক গুপুতে ৰাখা।

3তেওঁলোকে তৰোৱাল ধৰোৱাদি নিজৰ জিভা ধৰাইছে;

তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে।
4নির্দোষিজনক গুপুতে মাৰিবলৈ নিজৰ কাঁড় জুৰিছে;
তেওঁলোকে তালৈ অকস্মাতে বাণ মাৰে, ভয় নকৰে।

5সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে;

গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে;
সিহঁতে কয়, “আমাক কোনে দেখিব?”
6তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে;
তেওঁলোকে কয়, আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ;
প্ৰত্যেকৰ আন্তৰিক ভাৱ আৰু হৃদয় গভীৰ।

7কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব;

অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব।
8তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰুদ্ধি হ’ল;
যি সকলে তেওঁলোকক অস্থিৰভাৱে দেখিব;
তেওঁলোক সকলোৱে সেইসকলক দেখি মূৰ জোকাৰিব।
9সকলো মানুহে ভয় কৰিব;
তেওঁলোকে ঈশ্বৰৰ কার্য ঘোষণা কৰিব,
ঈশ্বৰৰ কাৰ্য্যৰ বিষয়ে জ্ঞানেৰে বিবেচনা কৰিব।

ধাৰ্ম্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় লব;

ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব।
10

Copyright information for AsmULB